কেন্দ্ৰীয় বাজেটত আফগানিস্তানলৈ ২০০ কোটি আৰ্থিক সাহাৰ্য

যোৱা বুধবাৰে কেন্দ্ৰীয় বাজেট দাখিল কৰা হয়। বাজেটখন ‘ৰাজহুৱা আবেদন’ নে বাস্তৱসন্মত সেই লৈ বিতৰ্ক চলি আছে। ইয়াৰ মাজতে তালিবানে এই বাজেটত সন্তুষ্টি প্ৰকাশ কৰিছে ! ভাৰতৰ বাজেটত আফগানিস্তানৰ বাবে প্ৰায় ২০০ কোটি আৰ্থিক সাহায্যৰ কথা কোৱা হৈছে, যি ভৱিষ্যতে দুয়োখন দেশৰ মাজত বন্ধন অধিক মজবুত কৰিব।

মন কৰিবলগীয়া যে ২০২১ চনৰ আগষ্ট মাহত জেহাদীসকলে আফগানিস্তান দখল কৰিছিল।

পাছতেই নতুনকৈ আৰম্ভ হয় তালিবানৰ যুগ। ইয়াৰ পিছত প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় বাজেটত আফগানিস্তানক আৰ্থিক সাহাৰ্য দিয়াৰ কথা ঘোষণা কৰে মোডী চৰকাৰে। সেই ধাৰা এইবাৰো অব্যাহত আছে। তালিবানৰ মুখপাত্ৰ সুহাইল শ্বাহিনে কয় যে আফগানিস্তানক ভাৰতৰ সমৰ্থনক আমি আদৰণি জনাইছো। ইয়াৰ ফলত দুয়োখন দেশৰ মাজত বন্ধন সুদৃঢ় হ’ব।”

AssamDaily time axomGuwahatiIndiaInternationalNew Delhi
Comments (0)
Add Comment