নিউজ ডেস্ক, ৩ ফেব্ৰুৱাৰীঃ ১৯ বছৰৰ পিছত খোল খালে জ্ঞানপীঠ বিজয়ী কবি নীলমণি ফুকনৰ বন্ধ খামৰ চিঠিখন। আজি গুৱাহাটী প্ৰেছ ক্লাবত ৰাজহুৱাভাৱে এই বন্ধ খামৰ চিঠিখন খুলিলে নিবন্ধকাৰ, সাংবাদিক নিত্য বৰাই।
চিঠিৰ শিৰোনাম ‘অন্য এক কলংকিত অধ্যায়’। ফাদিল নীলমণি ফুকনৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনাকাৰীসকলৰ তথ্য। ‘আমাৰ প্ৰতিনিধি’ আলোচনীত প্ৰকাশ পাইছিল কাব্যঋষিৰ এটা বিশেষ কবিতা।
কবিতাটোৰ শিৰোনাম ‘টোপনিতো তেওঁ মোক খেদি ফুৰিছিল’। কবিৰ বিৰুদ্ধে কুম্ভীলক বৃত্তিত জড়িত থকাৰ অভিযোগ ৰচিছিল একাংশই। উল্লেখ্য যে, ২০০৫ৰ মাৰ্চত ১ তাৰিখে লিখিছিল সেই চিঠিখন।