নিউজ ডেস্ক, ৩ ফেব্ৰুৱাৰীঃ বৃহস্পতিবাৰে নিশা মহানগৰীৰ খ্রীষ্টানবস্তিত ভয়ংকৰ পথ দুৰ্ঘটনা।তীব্রবেগী বাহনে মহটিয়াই নিলে তিনিখনকৈ বাহন।দুৰ্ঘটনাত আহত শিশুসহ কেইবাজনো লোক।
গণেশগুৰি দিশৰ পৰা ভঙাগড় অভিমুখী আছিল বাহনকেইখন। কথমপি প্রাণৰক্ষা পৰে দুখন বাহনৰ যাত্রীৰ। সুৰাসক্ত আছিল AS-01 BZ 2135 নম্বৰৰ বাহনখনৰ চালকজন।দুৰ্ঘটনাত দুখনকৈ বাহনৰ যথেষ্ট ক্ষতিসাধন হয়।