নাইজেৰিয়াত সন্ত্ৰাসবাদীৰ সৈতে নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষত কমেও ৪০ জন লোকৰ মৃত্যু

নাইজেৰিয়াত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত যুঁজ।

কমেও ৪০ জনৰ মৃত্যু। বৃহস্পতিবাৰে কাটচিনা ৰাজ্যত সংঘটিত হয় এই সংঘৰ্ষ।
কাটচিনা আৰক্ষীৰ মুখপাত্ৰ গুম্বো ইছাহে এক বিবৃতিত কয় যে, “স্থানীয়ভাৱে ‘ডাকাত’ নামেৰে পৰিচিত এটা সশস্ত্ৰ সংগঠনে বাকোৰী গাঁৱত আক্ৰমণ চলাইছিল।” নিৰীহ গাঁওবাসী ওপৰত গুলীচালনা আৰম্ভ কৰে। যাৰ ফলত কমেও ৪০ জন লোকৰ মৃত্যু। সন্ত্রাসবাদীয়ে গাঁওখনৰ গৰু-ম’হ লুটপাত কৰি হাবিলৈ পলায়ন কৰে৷
ঘটনাৰ পিছতে স্থানীয় নিৰাপত্তা বাহিনীয়ে বনাঞ্চলত তালাচী অভিযান চলায়। দুয়োপক্ষৰ মাজত হোৱা গুলীচালনাত বহু লোকৰ মৃত্যু হয়। নাইজেৰিয়া প্ৰশাসনে কয় যে অপৰাধীক কঠোৰ শাস্তি দিয়া হ’ব। গাঁওবাসীক অনুৰোধ জনোৱা হয় যাতে আইনখন নিজৰ হাতত নলয়।

AssamDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment