Daily Time Axom

ৰাজধানীত তিনি বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ!

0 36

দক্ষিণ দিল্লীৰ ফতেহপুৰ বেৰীত এগৰাকী তিনি বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুজন অভিযুক্ত যুৱকক।
শুকুৰবাৰে পুৱাৰে পৰা শিশুটি সন্ধানহীন হৈ থকা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। ইয়াৰ পিছত পিতৃ-মাতৃয়ে শিশুটিক বিচাৰিবলৈ ধৰাত চুবুৰীয়া এজনৰ পৰা গম পালে যে ছোৱালীজনী সেই অঞ্চলৰ ওচৰৰ এখন হাবিলৈ গৈছে। তাৰ লগত দুজন ডেকা আছিল। ইয়াৰ পিছত শিশুটিৰ পিতৃ-মাতৃ হাবিলৈ যায়। কান্দোনৰ শব্দ শুনি শিশুটিক উদ্ধাৰ কৰে। শিশুটিক ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰা হয়। ইয়াৰ পিছত পিতৃ-মাতৃয়ে ছোৱালীজনীক থানালৈ লৈ যায়। সম্প্ৰতি এইমছত চিকিৎসাধীন হৈ আছে শিশুটি। আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। ৰামনিবাস পানিকা (২৭) আৰু শক্তিমান সিং (২২) নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। দুয়োজন অভিযুক্ত বিবাহিত। সেই অঞ্চলত তেওঁলোকে শ্ৰমিক হিচাপে কাম কৰিছিল।

Leave A Reply

Your email address will not be published.