Daily Time Axom

দেশত প্ৰথম, ৮ মাহৰ গৰ্ভৱতী কেৰেলাৰ লিংগ পৰিৱৰ্তন কৰা দুজন ব্যক্তিৰ

0 75

লিংগ পৰিৱৰ্তনৰ মাজতো কাৰোবাৰ বাবে আছে পৃথিৱীত সুখৰ ঠিকনা।

কেৰেলাৰ লিংগ পৰিৱৰ্তন কৰা পুৰুষ ৮ মাহৰ গৰ্ভৱতী। মাৰ্চ মাহত জাহাদ আৰু জিয়াৰ পৰিয়াললৈ নতুন সদস্য অহাৰ খবৰ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। গৰ্ভাৱস্থাত লিংগ পৰিৱৰ্তন কৰা দম্পতীৰ ফটো ইতিমধ্যে ভাইৰেল হৈছে।

জিয়া আৰু জাহাদৰ প্ৰেম বিগত তিনিবছৰ ধৰি। বিয়াও পাতিলে। জন্মতে জাহাদৰ নাৰী শৰীৰ আছিল যদিও সদায় পুৰুষ হ’ব বিচাৰিছিল। আনহাতে জিয়াওৱে পুৰুষৰ শৰীৰ এৰি সম্পূৰ্ণ নাৰী হ’ব বিচাৰিছিল। তাইৰ সপোন আছিল মাতৃ হোৱা। সন্তান জন্ম দিয়াৰ প্ৰয়াসত তাই লিংগ পুনৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলে। এতিয়া জাহান গৰ্ভৱতী বুলি জনা যায়।

এতিয়াৰ তেওঁলোকে শিশুটিৰ আগমনৰ দিন গণনা কৰি আছে। সন্তান জন্ম হোৱা ছমাহৰ পৰা এবছৰৰ পিছত পুনৰ হৰম’ন থেৰাপী আৰম্ভ কৰিব।

Leave A Reply

Your email address will not be published.