Daily Time Axom

মৰিগাঁৱৰ ধৰমতুলত ভয়ংকৰ পথ দুৰ্ঘটনা! গাড়ী কাটি উদ্ধাৰ চালকক

48

নিউজ ডেস্ক, ৪ ফেব্ৰুৱাৰীঃ মৰিগাঁৱৰ ধৰমতুলৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। ৰৈ থকা তেল ভৰ্তি টেংকাৰত প্ৰচণ্ড খুন্দা বলেৰো বাহনৰ। তেল ভৰ্তি টেংকাৰখনৰ নম্বৰ MN05C0482 আৰু বলেৰো বাহনখনৰ নম্বৰ AS02AB4198।

ধৰমতুল আৰক্ষী থানাৰ সন্মুখত সংঘটিত হৈছে এই দুৰ্ঘটনা। সংকটজনক অৱস্থাত গাড়ী কাটি উদ্ধাৰ কৰা হয় বলেৰো বাহনখনৰ চালকজনক।

অতি সংকটজনক অৱস্থাত মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আহত চালকজন কাৰ্বি আংলং জিলাৰ মানজাৰ থাংমিনহাও বুলি জানিব পৰা গৈছে। তেল পৰিবাহী টেংকাৰখন মণিপুৰ অভিমুখী আৰু বলেৰো বাহনখন কাৰ্বি আংলং অভিমুখী আছিল।

Comments are closed, but trackbacks and pingbacks are open.