দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড, জুইত ভষ্মীভূত হ’ল ৮টাকৈ ভাড়াতীয়া ঘৰ

নিউজ ডেস্ক, ৪ ফেব্ৰুৱাৰীঃ দুলীয়াজানৰ বিষ্ণু নগৰত অগ্নিকাণ্ড। অগ্নিকাণ্ডত দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ।

অইল ইণ্ডিয়া লিমিটেডৰ ৬ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰে জুই নিয়ন্ত্রণৰ চেষ্টা। অৱশ্যে অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই।

জুইত জাহ গৈছে কেইবা লক্ষাধিক মূল্যৰ সা-সম্পত্তি।অগ্নিকাণ্ডৰ ফলত ভৱেশ গগৈ নামৰ লোকজনৰ ৮টাকৈ ভাড়াতীয়া ঘৰ ভস্মীভূত হয়।এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে।

AssamAssamese NewsDaily time axomDuliajanIndiaMassive fireNorth East