নিউজ ডেস্ক, ৪ ফেব্ৰুৱাৰীঃ তামাৰহাটত অবৈধ স্বামী আটক কৰাক কেন্দ্ৰ কৰি তামাৰহাট থানাত শ শ মহিলাৰ উত্তপ্ত পৰিস্থিতি । শুকুৰবাৰে মুক্তাৰ হুছেইন নামৰ এজন লোকক আটক কৰিছিল আৰক্ষীয়ে । মুক্তাৰ আলী বাল্য বিবাহৰ কাজীৰ অভিযোগত আটক কৰে তামাৰহাট আৰক্ষীয়ে ।
মুক্তাৰৰ ঘৰ কোকৰাঝাৰ জিলাৰ কাজিগাওঁ থানাৰ অন্তৰ্গত খৰখৰী গাঁৱত । তেওঁ কোনো ধৰনৰ কাজীৰ লগত জড়িত নথকাৰ বাবে আজি মুক্তাৰৰ পৰিয়ালৰ লগতে গাওঁখনৰ শ শ মহিলাই তামাৰহাট থানাত প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদ কৰিবলৈ আহি থানাৰ ভিতৰতে মুৰ্ছা যায় দুগৰাকী মহিলা । ইয়াৰ লগতে বাকীবোৰকো আটক কৰাৰ পৰিপ্ৰেক্ষিতত শ শ মহিলাই তামাৰহাট থানা উত্তপ্ত কৰি তোলে আৰু অনতি পলমে মুক্তিৰ দাবী জনায়।