Daily Time Axom

মানকাচৰত কৰুণ ঘটনাঃ পিতৃ–মাতৃ জে’ললৈ যোৱাৰ আশংকাতে চৰম সিদ্ধান্ত বিধৱা মহিলাৰ

27

নিউজ ডেস্ক, ৪ ফেব্ৰুৱাৰীঃ ৰাজ্যজুৰি অব্যাহত আছে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান। ইয়াৰ মাজতেই বাল্য বিবাহক কেন্দ্ৰ কৰি আত্মহত্যা বিধৱা মহিলাৰ। এই কৰুণ ঘটনা সংঘটিত হৈছে মানকাচৰত।

পিতৃ–মাতৃ জে’ললৈ যোৱাৰ আশংকাত চৰম সিদ্ধান্ত ল’লে এগৰাকী বিধৱা মহিলাই। ১২ বছৰ বয়সতে বিয়া হৈছিল খুচবু বেগম নামৰ ২ সন্তানৰ মাতৃগৰাকী। এতিয়া খুচবুৰ বয়স হৈছিল ২৩ বছৰ।

দুৰ্ভগীয়া মহিলাগৰাকীক কম বয়সতেই বিয়া দিছিল পিতৃয়ে। দুবছৰ পূৰ্বে ক’ভিডত মৃত্যু হৈছিল স্বামীৰ। এতিয়া চৰকাৰৰ অভিযানত পিতৃ গ্ৰেপ্তাৰ হোৱাৰ আশংকাত আত্মহননৰ পথ বাচি লয় মহিলাগৰাকীয়ে।

Comments are closed, but trackbacks and pingbacks are open.