নিউজ ডেস্ক, ৫ জানুৱাৰীঃ পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফৰ মৃত্যু। ডুবাইৰ আমেৰিকান হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে দীৰ্ঘদিনৰ পৰা অসুস্থ হৈ থকা মুছাৰফে।
দীৰ্ঘদিনীয়া শাৰীৰিক অসুস্থতাৰ পিছত দেওবাৰে ডুবাইত ৭৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে পাৰভেজ মুশ্বাৰফে। ডুবাইৰ এখন চিকিৎসালয়ত ভৰ্তি হোৱা মুশ্বাৰফক ইয়াৰ পূৰ্বে ৰাৱালপিণ্ডিৰ আৰ্মড ফৰ্চেছ ইনষ্টিটিউট অৱ কাৰ্ডিঅ’লজিলৈ স্থানান্তৰ কৰা হৈছিল।
২০০১ৰ পৰা ২০০৮লৈ পাকিস্তানৰ ৰাষ্ট্ৰপতি আৰু ১৯৯৯ৰ পৰা ২০০১লৈ পাকিস্তান আৰ্মীৰ মুৰব্বী আছিল মুছাৰফ।