Daily Time Axom

শিৱসাগৰৰ নাজিৰাত মৰেল পুলিচৰ ঘটনা, গৰু চুৰিৰ সন্দেহত এজনক আক্ৰমণ কৰি হত্যা

49

নিউজ ডেস্ক, ৫ ফেব্ৰুৱাৰীঃ শিৱসাগৰৰ নাজিৰাত গণ নিগ্ৰহৰ ভয়ংকৰ ঘটনা৷ গৰু চুৰিৰ সন্দেহত এজনক আক্ৰমণ কৰি হত্যা ৷ নাজিৰাৰ বামুণপুখুৰী চাহবাগিছাতত সংঘটিত হৈছে এই ঘটনা।

মৰেল পুলিচৰ ঘটনাৰ বলি হৈ মৃত্যুক সাবটিলে চণ্টক বিহুবৰৰ নাজু আলি(৩৬) নামৰ এজন লোক। গৰু চুৰৰ সন্দেহত এইদৰে মৰেল পুলিচৰ ঘটনাৰ বলি হৈ মৃত্যুক সাবটিলে বিহুবৰ চণ্টকৰ নাজু আলিয়ে।

শিৱসাগৰৰ অসামৰিক চিকিৎসালয়ত মৃত্যুক সাবটি লয় নাজু আলিয়ে।বৰ্তমানলৈকে আৰক্ষীয়ে ঘটনাৰ সোধ-পোছৰ বাবে ১১গৰাকীকৈ লোকক আটক কৰিছে।

Comments are closed, but trackbacks and pingbacks are open.