Daily Time Axom

জামুগুৰিহাটত গৌৰৱোজ্বল ২২৬ বছৰীয়া বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ ধৰ্মধ্বজা উত্তোলন

45

নিউজ ডেস্ক, ৫ ফেব্ৰুৱাৰীঃ দেশৰ ভিতৰতে একক বৃহৎ সামাজিক,সাংস্কৃতিক অনুষ্ঠান হিচাপে পৰিচিত জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱ। অহা ৬,৭,৮ আৰু ৯ মাৰ্চত বিস্তৃত কাৰ্যসুচীৰে অনুষ্ঠিত হ’ব এই ভাওনা মহোৎসৱ ৷ শোনিতপুৰ জিলাৰ জামুগুৰিহাটৰ পকামূৰা পথাৰত আজি পূৱা এই বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ ধৰ্মধ্বজা উত্তোলন কৰে বিশিষ্ট সমাজকৰ্মী কমলা নাথে ৷ এই উদ্দেশ্যে আজি পূৱা ঐতিহ্যমণ্ডিত কালিয়দমন ক্ষেত্ৰ কোচগাওঁৰ পৰা কেইবা শতাধিক ৰাইজে গায়ন-বায়ন,হৰিনাম,আয়তীৰ উৰুলি,শংঙ্খ ধ্বনিৰ মাজেৰে সাংস্কৃতিক শোভাযাত্ৰা কৰি পকামুৰা পথাৰলৈ লৈ আনে ধৰ্মধ্বজা ৷

১৭৯৭ চনৰ পৰাই নিৰবিচ্ছিন্নভাৱে জামুগুৰিয়া ৰাইজে অনুষ্ঠিত কৰি অহা এই বাৰেচহৰীয়া ভাওনাই এইবেলি ২২৬ বছত ভৰি দিয়ে ৷ অহা ৭ আৰু ৮ মাৰ্চত ২১খন খলাত ৪২ খন ভাওনা অনুষ্ঠিত হ’ব আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই ভাওনাৰ শুভ উদ্ধোধন কৰিব ৷ ভাওনা মহোৎসৱৰ কাৰ্যসূচীত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহেও অংশ গ্ৰহণ কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ৷ শুভ উদ্ধোধনী অনুষ্ঠানটিত শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, বিধায়ক পদ্ম হাজৰিকা, বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপন সমিতিৰ সভাপতি ভৰলী কোঁৱৰেও অংশগ্ৰহণ কৰে ৷

Comments are closed, but trackbacks and pingbacks are open.