চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ সমীপৰ ১ নং বটিয়াৰোকাৰ স্থানীয় ৰাইজৰ সহযোগত বটিয়াৰোকা কালী মন্দিৰ প্ৰাঙ্গণত অনুষ্ঠিত হৈছে ষষ্ঠ বাৰ্ষিক ষোড়শ প্ৰহৰ অখণ্ড হৰি নাম কীৰ্তন। ৪ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত এই অখণ্ড হৰি নাম কীৰ্তনত অংশগ্ৰহণ কৰিবলৈ বহু দূৰ দূৰণিৰ পৰা কীৰ্তন মণ্ডলীৰ আগমন ঘটিছে। প্ৰথম দিনা ধৰ্ম ধ্বজা উত্তোলন, ধৰ্মীয় শোভাযাত্ৰা, ভাগৱত স্থাপন আৰু অধিবাস কীৰ্তন সম্পন্ন হয়। সত্ৰ নগৰী মাজুলীৰ বলাই মহন্তই অধিবাস কীৰ্তন পৰিৱেশন কৰে। এই অখণ্ড হৰি নাম কীৰ্তন ভাগ অহা ৮ ফেব্ৰুৱাৰীৰ দিনা অন্ত পৰিব।
জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট৷