নিউজ ডেস্ক, ৬ ফেব্ৰুৱাৰীঃ গুৱাহাটীত উদ্বেগজনক হাৰত বৃদ্ধি বায়ু প্ৰদূষণ ৷ বিগত বৰ্ষৰ তুলনাত চলিত বছৰত প্ৰায় ২০ৰ পৰা ২০০ পৰ্যন্ত দৈনিক AQI ৷ তথ্য অনুসৰি ২০২২ চনৰ ১৩ জানুৱাৰীত AQI ৭৬ আছিল। ইয়াৰ বিপৰীতে ২০২৩ চনৰ ১৩ জানুৱাৰীত AQI ২৭৩লৈ বৃদ্ধি পাইছে। বায়ু প্ৰদূষণ মাত্ৰা বৃদ্ধিয়ে শংকাৰ সৃষ্টি কৰিছে মহানগৰীত।
৫ ফেব্ৰুৱাৰীৰ দিনটোত গুৱাহাটীৰ AQI ৩০০ পাৰ হৈছে৷ টুইটযোগে গুৱাহাটীৰ সমস্যা দাঙি ধৰিলে GMCHৰ অধীক্ষক অভিজিৎ শৰ্মাই৷
বায়ু প্ৰদূষণৰ বাবেই গুৱাহাটীবাসীয়ে হাঁওফাঁওজনিত সমস্যাত ভুগিছে বুলি দাবী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক অভিজিৎ শৰ্মাৰ৷ গুৱাহাটী পৌৰ নিগমক পথ, উপ-পথত পানী ছটিওৱাৰ পৰামৰ্শ শৰ্মাৰ৷ গুৱাহাটীৰ গছ-বনতো পানী ছটিয়াবলৈ পৰামৰ্শ দিছে অধীক্ষক শৰ্মাই৷
Comments are closed, but trackbacks and pingbacks are open.