তুৰ্কীত ভয়ংকৰ ভূমিকম্প, ২৩ জন লোকৰ মৃত্যু

নিউজ ডেস্ক, ৬ ফেব্ৰুৱাৰীঃ তুৰ্কীত ভয়ংকৰ ভূমিকম্প৷ ভূমিকম্পটো তুৰ্কীৰ স্থানীয় সময় অনুসৰি পুৱা ০৪:১৭ বজাত অনুভূত কৰা হৈছিল।ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.৮। ভূমিকম্পত ১৬টাকৈ অট্টালিকা খহি পৰে।

এতিয়ালৈকে ২৩ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। ভূমিকম্পটো তুৰ্কীৰ গাজিয়ানটেপৰনূৰ ডাগি চহৰত অনুভূত হৈছিল ৷ নূৰ ডাগি চহৰৰ পৰা ২৬ কিঃমিঃ পূবত ভূমিকম্পৰ অভিকেন্দ্ৰ পোৱা গৈছে৷ চিৰিয়াৰ লেবাননতো ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছিল। কম্পনটো প্ৰায় ৪০ ছেকেণ্ডৰ বাবে অনুভৱ কৰা হৈছিল। ভূমিকম্পটোৰ ফলত বহু লোক আহত হৈছে বুলি জানিব পৰা গৈছে।

Assamese NewsDaily time axomDeathEarthquakeInternationalTurkey