ৰঞ্জিত বৰা হত্যাৰ মূল অভিযুক্ত কুখ্যাত শ্বাহ আলমক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ৬ ফেব্ৰুৱাৰীঃ ৰঞ্জিত বৰা হত্যাত অভিযুক্ত সন্দৰ্ভত ন ন তথ্য উদ্ধাৰ। পুৰবী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰাৰ হত্যাৰ মূল অভিযুক্ত কুখ্যাত শ্বাহ আলমক গ্ৰেপ্তাৰ।

দেওবাৰে আৰক্ষী আয়ুক্ত আৰু যুটীয়া আৰক্ষী আয়ুক্তৰ সংবাদমেল পাতি এই কথা সদৰী কৰে।

হাজোৰ শ্বাহ আলম ঘটনাৰ মূল অভিযুক্ত বুলি জনাই আৰক্ষীয়ে। এক্সেল একাডেমীৰ স্বত্বাধিকাৰী শ্বাহ আলম তালুকদাৰ। শ্বাহ আলমে ডাবি-ধমকিৰে চলাইছিল বিদ্যালয়।

৩ সপ্তাহৰ আগৰ পৰাই হত্যাকাৰীয়ে ৰঞ্জিত বৰাৰ গতিবিধি লক্ষ্য কৰিছিল।আৰক্ষীয়ে জনোৱা অনুসৰি ঘটনাত জড়িত আছিল ৬জনীয়া এটা দল।

ArrestAssamAssamese NewsDaily time axomGuwahatiGuwahati PoliceIndiaNorth East