Daily Time Axom

ভয়ংকৰ ভূমিকম্পত বিধ্বস্ত তুৰ্কী, বৰ্তমানলৈকে ভূমিকম্পত নিহতৰ সংখ্যা ৫৫০ লৈ বৃদ্ধি

53

নিউজ ডেস্ক, ৬ ফেব্ৰুৱাৰীঃ সোমবাৰে তুৰ্কী আৰু ছিৰিয়াত ৭.৮ প্ৰাবল্যৰ এক ডাঙৰ ভূমিকম্পই জোকাৰি যায়। ভূমিকম্পটোৰ ফলত প্ৰায় ৫৫০ৰো অধিক লোকৰ মৃত্যু হয়,আনহাতে ৫১৬ ত কৈয়ো অধিক লোক আহত হয়।

ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.৮। প্ৰথম কম্পনৰ পিছতেই মধ্য তুৰ্কীত আন এটা কম্পন অনুভূত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ (ইউএছজিএছ)ৰ তথ্য অনুসৰি দ্বিতীয় ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৬.৭। স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি লেবানন, চিৰিয়া আৰু চাইপ্ৰাছৰ কিছু অংশতো ভূমিকম্প অনুভৱ কৰা হৈছিল।

Comments are closed, but trackbacks and pingbacks are open.