আজি বিবাহপাশত আৱদ্ধ হ’ব বলীউডৰ অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰা আৰু অভিনেত্ৰী কিয়াৰা আদৱানী

নিউজ ডেস্ক, ৭ ফেব্ৰুৱাৰীঃ আজি বহু প্ৰত্যাশিত বলীউড তাৰকা সিদ্ধাৰ্থ আৰু কিয়াৰাই বিবাহ পাশত আৱদ্ধ হ’ব। দুয়ো নিজ পৰিয়াল তথা ঘনিষ্ঠ লোকসকলৰ উপস্থিতিত আজীৱন যুগ্ম জীৱনৰ বান্ধোনত বান্ধ খাব।

ৰাজস্থানৰ জয়সেলমেৰৰ আগশাড়ী হোটেল সূৰ্যগড় প্ৰাসাদত বিবাহপাশত আৱদ্ধ হ’ব। ইয়াৰ পিছত অতিথিসকলৰ বাবে এটা অভ্যৰ্থনা আয়োজন কৰা হ’ব।

সোমবাৰে সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ সংগীতৰ অনুষ্ঠান আয়োজিত হয়। এই অনুষ্ঠানৰ বাবে সূৰ্যগড় প্ৰাসাদ ৰঙা ৰঙেৰে জ্বলি উঠিছিল। এটা ভিডিঅ’ত জয়সেলমেৰৰ সূৰ্যগড় প্ৰাসাদত সোমবাৰে অনুষ্ঠিত সিদ্ধাৰ্থ আৰু কিয়াৰাৰ হালধি অনুষ্ঠানৰ সজ্জা দেখুওৱা হৈছে। আটক ধুনীয়াকৈ সজাই তোলা সিদ্ধাৰ্থ আৰু কিয়াৰাৰ হালধী, সংগীত আৰু বিবাহস্থলী।

bollywoodDaily time axomIndiaJaisalmerKiara AdvaniRajasthanSidharth MalhotraWedding