নিউজ ডেস্ক, ৭ ফেব্ৰুৱাৰীঃ ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ ৷ বৰপেটাৰোডৰ মাজগাঁৱত ড্ৰাগছ ব্যৱসায়ীলৈ আৰক্ষীৰ গুলী৷ গোৱৰ্ধনা আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত বিছা মিঞা ৷
আৰক্ষীয়ে জনোৱা মতে, ড্ৰাগছ ব্যৱসায়ীটোৰ কান্ধত আঘাত কৰিছে গুলীয়ে৷ প্ৰায় ২৯ বছৰীয়া বিছা মিঞা নামৰ গুলীবিদ্ধ ড্ৰাগছ ব্যৱসায়ীটোৰ ঘৰ বৰপেটাৰ ভালুকীগাঁৱত ৷
গুলীবিদ্ধ ড্ৰাগছ ব্যসায়ীটোক প্ৰথমতে বৰপেটাৰোড FRUত ভৰ্তি কৰা হয় যদিও পিছত সংকটজনক অৱস্থাত বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে৷
Comments are closed, but trackbacks and pingbacks are open.