Daily Time Axom

বৰপেটা ৰোডত এনকাউণ্টাৰ, ড্রাগছ ব্যৱসায়ীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা

34

নিউজ ডেস্ক, ৭ ফেব্ৰুৱাৰীঃ ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ ৷ বৰপেটাৰোডৰ মাজগাঁৱত ড্ৰাগছ ব্যৱসায়ীলৈ আৰক্ষীৰ গুলী৷ গোৱৰ্ধনা আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত বিছা মিঞা ৷

আৰক্ষীয়ে জনোৱা মতে, ড্ৰাগছ ব্যৱসায়ীটোৰ কান্ধত আঘাত কৰিছে গুলীয়ে৷ প্ৰায় ২৯ বছৰীয়া বিছা মিঞা নামৰ গুলীবিদ্ধ ড্ৰাগছ ব্যৱসায়ীটোৰ ঘৰ বৰপেটাৰ ভালুকীগাঁৱত ৷

গুলীবিদ্ধ ড্ৰাগছ ব্যসায়ীটোক প্ৰথমতে বৰপেটাৰোড FRUত ভৰ্তি কৰা হয় যদিও পিছত সংকটজনক অৱস্থাত বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে৷

Comments are closed, but trackbacks and pingbacks are open.