Daily Time Axom

গোলাঘাটত ৫দিন ধৰি বিচৰণ কৰা গঁড়টোৰ কৰুণ মৃত্যু

44

নিউজ ডেস্ক, ৭ ফেব্ৰুৱাৰীঃ অৱশেষত মৃত্যু হ’ল গোলাঘাটৰ গঁড়টোৰ৷ যোৱা ৫ দিন ধৰি দেৰগাঁও-গোলাঘাটত বিচৰণ কৰিছিল গঁড়টোৱে ৷ গঁড়টোৰ আক্ৰমণত ৪জনকৈ লোক আহত হৈছিল৷ ৫ দিন ধৰি বিচৰণ কৰি ফুৰা গঁড়টো খাদ্যৰ অভাৱত ভুগিছিল৷ দুৰ্বল হৈ পৰাৰ লগতে অসুস্থ হৈ পৰিছিল গঁড়টো৷

বন বিভাগৰ ব্যৰ্থতাৰ বাবে এনেদৰে গঁড়টোৱে মৃত্যুক আঁকোৱালি লোৱাৰ অভিযোগ উত্থাপিত হৈছে। ভোকাতুৰ অৱস্থা আৰু ভৰিত পোৱা আঘাতৰ বাবে মৃত্যুক আঁকোৱালি ল’লে গঁড়টোৱে। ভৰিৰ পৰা যথেষ্ট ৰক্তক্ষৰণ হৈছিল গঁড়টোৰ। বন বিভাগেও গঁড়টোক বনাঞ্চললৈ খেদি পঠিয়াবলৈ চেষ্টা কৰিছিল যদিও অসুস্থ হৈ মৃত্যু হয় গঁড়টোৰ।

ইয়াৰপিছতেই গঁড়টোৰ মৃত্যু সন্দৰ্ভত টুইটযোগে প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

Comments are closed, but trackbacks and pingbacks are open.