ভূমিকম্পই বিধ্বস্ত কৰা তুৰস্কত ভাৰতীয় সেনাৰ মানৱ সেৱা

নিউজ ডেস্ক, ৮ ফেব্ৰুৱাৰীঃ চিৰিয়া আৰু তুৰস্কত প্ৰকৃতিয়ে চলোৱা ধ্বংসলীলাৰ মাজত ভাৰতীয় সেনাৰ চিকিৎসকৰ দল। ভূমিকম্পই বিধ্বস্ত কৰা দেশত আগবঢ়াব চিকিৎসা সেৱা।

উদ্ধাৰ অভিযানৰ সমান্তৰালকৈ সেনাই কৰিব চিকিৎসা সেৱা। ৮৯ জনীয়া সেনাৰ চিকিৎসকৰ দলে স্থাপন কৰিব ৩০ খন বিচনাযুক্ত ফিল্ড হাস্পতাল। থাকিব এক্স-ৰে’ যন্ত্ৰ, ভেণ্টিলেটৰ, অক্সিজেন উৎপাদন প্ৰকল্প, কাৰ্ডিয়াক মনিটৰ, এম্বুলেঞ্চকে ধৰি বিভিন্ন চিকিৎসা সঁজুলি।উদ্ধাৰকাৰীৰ সৈতে ইতিমধ্যে ৰাওনা হৈছে দলটো।

এই দলটোত অন্যান্য চিকিৎসা দলৰ উপৰিও অৰ্থোপেডিক চাৰ্জিকেল দল, সাধাৰণ অস্ত্ৰোপচাৰ বিশেষজ্ঞ দল, চিকিৎসা বিশেষজ্ঞ দলক অন্তৰ্ভুক্ত কৰা হৈছে।

Assamese NewsDaily time axomEarthquakeIndiaIndian ArmyInternationalSyriaTurkey