নিউজ ডেস্ক, ৮ ফেব্ৰুৱাৰীঃ আজি ভেলেন্টাইন সপ্তাহৰ দ্বিতীয়টো দিন অৰ্থাৎ আজি প্ৰপজ ডে’। বহু যুৱক যুৱতীয়ে ৰৈ থাকে নিজৰ পছন্দৰ মানুহজনৰ আগত মনৰ কথা ক’বলৈ।
ভেলেন্টাইন সপ্তাহটো প্ৰেমিক যুগলে ইজনে সিজনৰ লগত অতিবাহিত কৰে ।প্ৰত্যেক বছৰে প্ৰেমিকযুগলে সাতদিনীয়াকৈ উদযাপন কৰে ভেলেন্টাইন ডে। কিন্তু ইয়াৰ প্ৰতিটো দিনৰ তাৎপৰ্য পৃথক পৃথক।
ভেলেণ্টাইন ডে’ যুৱসমাজৰ বাবে বিশেষ দিন । এই দিনটোতে তেওঁলোকে নিজৰ প্ৰিয়জনক নিজৰ ভালপোৱা প্ৰকাশ কৰে।