আদানীয়ে পুনৰ পেশীবল দেখুৱালে, সময়ৰ আগতেই ৪০০০ কোটি ঋণ পৰিশোধ

বেংকিং গ্ৰুপৰ পৰা লোৱা ঋণ সোনকালে পৰিশোধ কৰাৰ সিদ্ধান্ত আদানীৰ। ঋণৰ পৰিমাণ ৫০ কোটি ডলাৰ, ভাৰতীয় মুদ্ৰাত যিটো ৪ হাজাৰ কোটি টকাতকৈও অধিক।

আমেৰিকাৰ বিনিয়োগ গৱেষণা প্ৰতিষ্ঠানে হিণ্ডেনবাৰ্গ প্ৰতিবেদন প্ৰকাশ কৰাৰ পিছৰে পৰা আদানীৰ শ্বেয়াৰ হ্ৰাস পাইছে। শ্বেয়াৰৰ দাম হঠাতে কমি আহিছিল। এই পৰিস্থিতিত আদানী গ্ৰুপে পূৰ্বৰ অৱস্থালৈ ঘূৰি আহিবলৈ চেষ্টা কৰিছে। সেই প্ৰচেষ্টাৰ সুফল তেওঁলোকে ইতিমধ্যে লাভ কৰিবলৈ আৰম্ভ কৰিছে। যোৱা তিনিদিনত তেওঁলোকৰ শ্বেয়াৰৰ মূল্য বহুত বৃদ্ধি পাইছে। আৰু সেইবাবেই তেওঁলোকে এই বৃহৎ পৰিমাণৰ ঋণ সোনকালে পৰিশোধ কৰাৰ সিদ্ধান্ত লয়।

বহুতৰ মতে ঋণ পৰিশোধ কৰাটো আদানীয়ে শ্বেয়াৰ বজাৰখন ঘূৰাই অনাৰ অন্যতম আহিলা হিচাপে লৈছে। ঋণ আগতীয়াকৈ পৰিশোধ কৰাৰ ফলত তেওঁলোকৰ শ্বেয়াৰৰ মূল্য বৃদ্ধি হ’বলৈ ধৰিলে। দুৰ্যোগৰ পৰিপ্ৰেক্ষিতত একেৰাহে এসপ্তাহতকৈ অধিক সময় আদানী গ্ৰুপৰ শ্বেয়াৰ হ্ৰাস পাযইছিল। কিন্তু যোৱা তিনিদিনত আকৌ ওপৰলৈ উঠিছে। জানিব পৰা মতে, আদানীয়ে বজাৰত কেতবোৰ ঋণ আগতীয়াকৈ পৰিশোধ কৰিছে।

হিণ্ডেনবাৰ্গে তেওঁলোকৰ প্ৰতিবেদনত অভিযোগ কৰিছিল যে আদানী ৰিগিঙৰ জৰিয়তে ধনী হৈছে। শ্বেয়াৰ বজাৰত তেওঁলোকৰ শ্বেয়াৰৰ মূল্য কৃত্ৰিম। তেওঁলোকে বিনিয়োগকাৰীক প্ৰতাৰণা কৰাৰ অভিযোগো উত্থাপন কৰিছিল। অৱশ্যে আদানি গোটে আমেৰিকান কোম্পানীটোৰ সকলো অভিযোগ অস্বীকাৰ কৰিছে। কিন্তু এসপ্তাহৰ ভিতৰতে বিশ্বৰ ধনী লোকৰ তালিকাত তৃতীয় স্থানৰ পৰা ১৭ নম্বৰলৈ পিছলি পৰিল গৌতম আদানী। এই দুৰ্যোগৰ পিছত শ্বেয়াৰ বজাৰত ৰিটাৰ্ণ শক্তিশালী কৰাৰ বাবে আদানী গ্ৰুপে ৪ হাজাৰ কোটি টকাৰ ঋণ পৰিশোধ কৰাৰ সিদ্ধান্ত লৈছে।

Daily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment