তুৰস্ক-চিৰিয়া ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যাই ১৫ হাজাৰৰো অতিক্ৰম কৰিলে

উপসাগৰীয় দেশ তুৰস্ক আৰু ছিৰিয়াত সোমবাৰে সংঘটিত হোৱা ভয়াৱহ ভূমিকম্পত মৃত্যুৰ সংখ্যা ১৫ হাজাৰৰো অধিক হৈছে। ধ্বংসাৱশেষ আঁতৰোৱাৰ কাম এতিয়াও তুৰস্ক আৰু ছিৰিয়াৰ বহু চহৰত চলি আছে। ধ্বংসাৱশেষৰ ভিতৰৰ পৰা এতিয়াও ওলাই আছে মৃতদেহ। এনে পৰিস্থিতিত মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আনহাতে, ভূমিকম্পৰ ফলত দুয়োখন দেশৰ আন্তঃগাঁথনিৰো বিপুল ক্ষতি হৈছে। যাৰ ক্ষতিপূৰণ দিয়াটো অতি কঠিন। ভাৰতকে ধৰি বিশ্বৰ বহু দেশৰ উদ্ধাৰকাৰী দলে তুৰস্ক আৰু ছিৰিয়াত উপস্থিত হৈ সাহায্যৰ কাম চলাই আছে। এই পৰ্যন্ত ভাৰতৰ পৰা অপাৰেচন দোস্তিৰ অধীনত এন ডি আৰ এফৰ ষষ্ঠ দল তুৰস্কত উপস্থিত হৈছে। যিয়ে তুৰ্কী সেনা আৰু স্থানীয় দলৰ লগতে বিভিন্ন অঞ্চলত কাম কৰি আছে।

bollywoodDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment