ত্ৰিপুৰাত আৰম্ভ হৈছে পোষ্টেল বেলটৰ ভোটদান

বুধবাৰৰ পৰা ত্ৰিপুৰাত পোষ্টেল বেলটৰ জৰিয়তে ভোটদান আৰম্ভ হৈছে।

বুধবাৰে ৰাজধানী আগৰতলাৰ শিশু বিহাৰ বিদ্যালয়ৰ লগতে ৰাজ্যৰ অন্যান্য স্থানত ডাক বেলটৰ জৰিয়তে ভোট গ্ৰহণ কৰা হয়। শিশু বিহাৰ বিদ্যালয় পৰিদৰ্শন কৰে ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া কিৰণ গীতে, পশ্চিম জিলা জিলা দণ্ডাধীশ দেৱপ্ৰিয়া বৰ্ধন আৰু পশ্চিম জিলা আৰক্ষী বিষয়া শংকৰ দেবনাথে।

বুধবাৰৰ পৰা আৰম্ভ হোৱা এই ভোটদান প্ৰক্ৰিয়া ১২ ফেব্ৰুৱাৰীলৈকে চলি থাকিব। মঙলবাৰলৈকে এই প্ৰক্ৰিয়াত ভোটদানৰ বাবে সমগ্ৰ ৰাজ্যৰ পৰা প্ৰায় ৪০ হাজাৰ আৱেদন লাভ কৰা হৈছে বুলিও তেওঁ কয়। ৰাজ্যৰ ২৩টা স্থানত এনে ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে। ভোটগ্ৰহণৰ কামত নিয়োজিত আৰক্ষী, অৰ্ধসামৰিক জোৱান, চৰকাৰী আৰু ব্যক্তিগত কৰ্মচাৰীৰ ভোট ডাক বেলটৰ জৰিয়তে লোৱা হৈছে।

AssambollywoodDaily time axomGuwahatiIndiaInternationalNew DelhipoliticsWorld
Comments (0)
Add Comment