বলীউডত বাজি আছে বিয়াৰ সংগীত।
সিদ্ধাৰ্থ-কিয়াৰাৰ বিয়াৰ পিছতে চাউথৰ তাৰকা প্ৰভাসে শীঘ্ৰেই আঙঠি বিনিময় কৰিব বলীউডৰ সুন্দৰী কৃতি শ্বেননৰ সৈতে, চৰ্চা চলিছে এনেকৈ। জানিব পৰা মতে, অহা সপ্তাহত মালদ্বীপত আঙঠি বিনিময় কৰিব দুয়ো। চলচ্চিত্ৰ সমালোচক উমেৰ সন্ধুৰে ছ’চিয়েল মিডিয়াৰ জৰিয়তে এই খবৰ প্ৰকাশ কৰিছে। লগতে প্ৰভাস-কৃতিক অভিনন্দন জনাইছে।