Daily Time Axom

অসমত প্ৰথমবাৰৰ বাবে জনগোষ্ঠীয় ছাত্ৰ আৰু যুৱ সংগঠনৰ শীৰ্ষ প্ৰতিনিধিৰ সৈতে “যুৱ সদন’’ৰ আয়োজন

0 23

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে ৰাজ্যখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ সম উন্নয়ন তথা বিকাশৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে।সেইদৰে ৰাজ্যখনৰ ছাত্ৰ আৰু যুৱ সমাজক এই উন্নয়ন আৰু বিকাশৰ অংশীদাৰ হোৱাৰ লগতে অসমৰ সমাজ জীৱনক সমৃদ্ধ কৰি তোলাৰ দিশত নেতৃত্ব ল’বলৈ উৎসাহিত কৰাৰ প্ৰয়াস কৰা হৈছে। অসমৰ বিশাল জনগোষ্ঠীয় সমাজক ৰাজ্যখনৰ বিকাশৰ দিশত লোৱা কাৰ্যসূচীসমূহত অংগাগীভাৱে জড়িত কৰাটো বৰ্তমান চৰকাৰৰ অন্য এক প্ৰাথমিকতা।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰৰ ৰাজ্যিক পৰ্য্যায়ৰ পৰামৰ্শদাতা সমিতি, ছাত্ৰ আৰু যুৱ কল্যাণে বিগত দিনত এই দিশত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। ৰাজ্যখনৰ জনগোষ্ঠীয় ছাত্ৰ আৰু যুৱসমাজৰ কল্যাণৰ বিষয়টো আগবঢ়াই নিবলৈ আৰু নিশ্চিত কৰিবলৈ শেহতীয়াকৈ কিছু নতুন দিশৰ উন্মোচন কৰিছে।
সেইমৰ্মে অসম চৰকাৰৰ ৰাজ্যিক পৰ্য্যায়ৰ পৰামৰ্শদাতা সমিতি, ছাত্ৰ আৰু যুৱ কল্যাণৰ উদ্যোগত অসমৰ আৰ্থসামাজিক, পৰম্পৰা, শিক্ষা-ক্রীড়া-সংস্কৃতিৰ চৰ্চা আৰু বিকাশ তথা প্রকাশৰ পৰামৰ্শৰ্থে প্ৰথমবাৰৰ বাবে পৰ্য্যালোচনা কৰিবলৈ জনগোষ্ঠীয় ছাত্ৰ আৰু যুব সংগঠনৰ শীৰ্ষ প্ৰতিনিধিৰ সৈতে এখন “যুৱ সদন” আয়োজন কৰা হৈছে।
দীৰ্ঘদিনীয়| ছাত্ৰ আৰু যুৱ সংগঠনসমূহৰ নেতৃত্ব বহন কৰোতে জনগোষ্ঠীসমূহৰ উন্নয়নৰ প্রক্ৰিয়া, স্বনিয়োজনৰ ব্যৱস্থা, উচ্চ আৰু কাৰিকৰী শিক্ষা গ্ৰহণত নৱ-প্রজন্মক উৎসাহিতকৰণৰ লগতে ক্রীড়া-সংস্কৃতি, পৰম্পৰাৰ বিষয়ত উল্লেখনীয়ভাৱে আগবাঢ়ি যোৱাৰ মূল দিশসমূহ পর্যালোচনা কৰাৰ লগতে এই আটাইখিনি বিষয় সম্বলিত বক্তব্য আৰু পৰামৰ্শৰে এক সঠিক সিদ্ধান্তত উপনীত হৈ অসমৰ ভিন্ন জনগোষ্ঠীৰ ছাত্র আৰু যুৱসকলৰ সুস্থ-সবল, সামাজিক-সাংস্কৃতিক, শৈক্ষিক পৰিৱেশ নিৰ্মাণৰ বাট-বুলাৰ প্রয়াসেৰে অহ| ইংৰাজী ১১ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখ শনিবাৰে পুৱা ৯ বজাত গুৱাহাটীৰ খানাপাৰাস্থিত “ভিভাণ্টা হোটেল’’ত উক্ত “যুৱ সদন’’অনুষ্ঠিত হব।
উক্ত “যুৱ সদন’’ত অসমৰ কেইবাগৰাকীও স্বনামধন্য ব্যক্তিয়ে অংশ কৰিব আৰু তেওঁলোকৰ ক্ৰান্তদৰ্শী চিন্তাৰে বিষয়টোৰ ওপৰত আলোকপাত কৰি ভৱিষ্যতৰ ৰূপৰেখা দাঙি ধৰিব।
অসমত বিভিন্ন জনগোষ্ঠীয় সংগঠন আছে আৰু এই সম্পৰ্কত তেওঁলোক সকলোৰে চিন্তা-চৰ্চা আমাৰ কাম্য আৰু আদৰণীয়। যদিও প্ৰথম পৰ্যায়ত সেইসকলো জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বক সামৰি ল’ব পৰা নগ’ল, আমি পৰ্যায়ক্ৰমে সকলোকে আমাৰ এই সৰ্বাংগীণ কাৰ্যসূচীত সামৰি ল’বলৈ দৃঢ় প্ৰতিজ্ঞ।আমি বিশ্বাস কৰো যে জনগোষ্ঠীয় ছাত্ৰ আৰু যুৱ সমাজৰ ভূমিকাই অসমৰ ভৱিষ্যত সমাজ জীৱন সমৃদ্ধ কৰি তুলিব।
আজি এক সংবাদ মেলত এই কথা সদৰি কৰে ৰাজ্যিক পৰামৰ্শ দাতা সমিতি ছাত্ৰ আৰু যুৱ কল্যাণৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে।

Leave A Reply

Your email address will not be published.