Daily Time Axom

চাহ সন্ধিয়া খাব নালাগে, কিয় জানক

0 46


ভাৰতীয়সকলে চাহ বিশেষকৈ গাখীৰ চাহ ভাল পায়। দিনটোত কেইবাবাৰো খায় – কিন্তু নিশ্চিতভাৱে ৰাতিপুৱা আৰু গধূলি।

কিন্তু, দেখা গৈছে যে সন্ধিয়া চাহ সেৱন কৰিলে স্বাস্থ্যৰ কিছু ক্ষতি হয়। ভাৰতীয় জনসংখ্যাৰ প্ৰায় ৬৪ শতাংশই প্ৰতিদিনে চাহ খোৱাটো পছন্দ কৰে, ইয়াৰে ৩০ শতাংশতকৈ অধিক লোকে সন্ধিয়া চাহ খায়।

চিকিৎসা বিজ্ঞানৰ মতে শুই উঠাৰ আগৰ ১০ ঘণ্টাৰ ভিতৰত (শোৱাৰ আগতে) কেফেইন পৰিহাৰ কৰাটো ভাল টোপনি, অনুকূল লিভাৰ ডিটক্স, কম কৰ্টিছল (প্ৰদাহ), আৰু সুস্থ হজম শক্তিৰ বাবে উত্তম।

সাধাৰণ ক’লা চাহ, যিটো বেছিভাগ মানুহে উপভোগ কৰে, ইয়াত কেটেচিন, থিফ্লেভিন, আৰু থিআৰুবিজিন আদি পলিফেনলৰ উপস্থিতিৰ বাবে এন্টিঅক্সিডেন্ট (যৌগ যিয়ে কোষৰ ক্ষতি ৰোধ কৰে আৰু শৰীৰৰ প্ৰদাহ হ্ৰাস কৰাত সহায় কৰে) প্ৰচুৰ।- এই সকলোবোৰে সামগ্ৰিক স্বাস্থ্যৰ উন্নতি সাধন কৰে ব্যক্তিজনৰ। কিন্তু ভাৰতীয়সকলে চাহত গাখীৰ আৰু চেনি দি সেৱন কৰে, যাৰ ফলত ইয়াৰ পুষ্টিগুন সলনি হয়।

চিকিৎসকৰ মতে এইসকল লোকেহে সন্ধিয়া চাহ খাব লাগে-
১/ নাইট শ্বিফটত কাম কৰা লোক
২) যিসকলৰ এচিডিটি বা গেষ্ট্ৰিক সমস্যা নাই
৩/ যাৰ হজম শক্তি স্বাস্থ্যকৰ
৪/ চাহৰ আসক্ত নহয় (সন্ধিয়াৰ চাহ নাথাকিলে একো নহয়)
৫/ যাৰ টোপনিৰ সমস্যা নাই
৬) যিসকলে দৈনিক সময়মতে খাদ্য গ্ৰহণ কৰে
৭) যিসকলে আধা বা ১ কাপতকৈ কম চাহ খায়

সন্ধিয়াৰ চাহ কোনে পৰিহাৰ কৰিব লাগে?
১/ যিসকল লোকৰ টোপনি বেয়া হয় বা অনিদ্ৰাত ভুগি থাকে
২) যিসকলে উদ্বিগ্নতাত ভুগি মানসিক চাপৰ জীৱন যাপন কৰে
৩) অত্যাধিক ভাটাৰ সমস্যা থকা সকলৰ (শুকান ছাল আৰু চুলি) ৷
৪/ ওজন বৃদ্ধি কৰিব বিচৰা লোক
৫/ অনিয়মিত ভোক থকা লোক
৬/ হৰম’নৰ সমস্যাত ভুগি থকাসকল
৭) যিসকলৰ কোষ্ঠকাঠিন্য / এচিডিটি বা গেছৰ সমস্যা আছে।
৮) বিপাকীয় আৰু অটো-ইম্যুন ৰোগত আক্ৰান্ত লোক।
৯/ যাৰ ওজন কম।
১০) যিসকলে সুস্থ ছাল আৰু চুলি কামনা কৰে।

চাহত গাখীৰ যোগ কৰিলে কি হয়?
গাখীৰ যোগ কৰিলে চাহৰ পুষ্টিকৰ মূল্য কেনেকৈ সলনি হয় সেই সন্দৰ্ভত চিকিৎসকসকলে কয় যে চাহত গাখীৰ যোগ কৰিলে ইয়াৰ তিতাদুন কম হয়—যিটো টেনিনৰ উপস্থিতিৰ বাবে হয়—যিটোৱে ইয়াক ৰুচিকৰ কৰি তোলে।ইয়াৰ উপৰিও চেনিয়ে টেনিনৰ এষ্ট্ৰিঞ্জেন্সিও প্ৰতিহত কৰে, যাৰ বাবে চাহত গাখীৰ আৰু চেনি বেছি উপযোগী হৈ উঠে।

কিন্তু গাখীৰেও চাহৰ এন্টিঅক্সিডেন্ট হ্ৰাস কৰি চাহৰ জৈৱিক কাৰ্য্যকলাপৰ পৰিৱৰ্তন ঘটায়, যাৰ ফলত ই পেট ফুলা আৰু এচিডিটি হ’ব পাৰে। গাখীৰৰ প্ৰ’টিন কেচিনে চাহত থকা ফ্লেভন’ইড আৰু কেটেচিনৰ সৈতে কমপ্লেক্স গঠন কৰি এচিডিটিৰ সৃষ্টি কৰে। সেয়েহে ই বিপাকীয় ক্ৰিয়াতো ব্যাঘাত জন্মায় আৰু পেট ফুলাৰো কাৰণ হ’ব পাৰে।


পুষ্টি আৰু খাদ্য বিশেষজ্ঞসকলে কয় যে সুস্থ জীৱনশৈলীৰ বাবে চাহ খোৱাৰ অভ্যাসত তলত দিয়া পৰিৱৰ্তনসমূহ কৰিব লাগে-
১) বাদাম, কিচমিচ বা যিকোনো ফল খাওক আৰু তাৰ পিছতহে গাখীৰ চাহ খাব লাগে।
২) গাখীৰ চাহ অতিমাত্ৰা সেৱন নকৰিব, ই চাহত অন্ততঃ কিছু পৰিমাণৰ এন্টিঅক্সিডেন্ট ধৰি ৰখাত সহায় কৰে।
৩) চাহ উতলাৰ পিছতহে তাত গাখীৰ দিলে ইয়াৰ পুষ্টি আৰু ভাল হয়।
৪) যদি আপুনি দিনটোত ৩-৪ কাপ খোৱাত অভ্যস্ত, তেন্তে প্ৰথম অৱস্থাত বিভিন্ন ধৰণৰ চাহ যেনে গ্ৰীণ টি বা বিভিন্ন সোৱাদ আৰু পাতৰ চাহলৈ সলনি হ’ব পাৰে। (কেমোমিল চাহ, হিবিস্কাছ চাহ, গোলাপ চাহ) আৰু লাহে লাহে দৈনিক ১ কাপলৈ কমাই দিব।
৫) সন্ধিয়া চাহ খোৱাৰ পৰা বিৰত থাকক কিয়নো ইয়াৰ ফলত টোপনি অসুবিধা হ’ব পাৰে আৰু লগতে পেট ফুলাও হ’ব পাৰে।
৬) খালী পেটত চাহ খালে ভোক কমি যায় আৰু ইয়াত কোনো ধৰণৰ পুষ্টিকৰ উপাদান নাথাকে আৰু সেয়েহে সদায় খাদ্যৰ খোৱাৰ পাছতহে খাব লাগে।

Leave A Reply

Your email address will not be published.