Daily Time Axom

পত্নীৰ মৃতদেহ কান্ধত লৈ কেইবা কিলোমিটাৰো খোজ কাঢ়িলে এজন স্বামীয়ে

0 45

পত্নীৰ মৃতদেহ কান্ধত লৈ কেইবা কিলোমিটাৰো খোজ কাঢ়িলে স্বামীয়ে ।

ইয়াৰ পিছত স্থানীয় আৰক্ষীৰ সহায়ত এম্বুলেন্সত পত্নীক লৈ গ’ল গাঁৱৰ ঘৰলৈ। অন্ধ্ৰ প্ৰদেশত সংঘটিত হৈছে এই ঘটনা।
ছামুলু পাংগী (৩৫) ওড়িশাৰ কোৰাপুট জিলাৰ বাসিন্দা। অসুস্থ পত্নীক বিশাখাপট্টনমৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ছামুলুৰ পত্নী ই ডি গুৰুক (৩০) চিকিৎসাৰ ক্ষেত্ৰত কোনো সঁহাৰি নাপায় ছামুলুৱে পত্নীক ঘৰলৈ লৈ যায়। তেওঁৰ ঘৰ আছিল চিকিৎসালয়ৰ পৰা ১০০ কিলোমিটাৰ দূৰত। কোৰাপুট জিলাৰ সোৰাদা গাঁৱলৈ অটোৰে ঘৰলৈ উভতি যায় ছামুলু। কিন্তু বাটতে তেওঁৰ পত্নীৰ মৃত্যু হয়। ইয়াৰ পিছত অটো চালকজনে চামুলু আৰু তেওঁৰ মৃত পত্নীক চেলুৰু ৰিং ৰোডত নমাই দিয়ে। শেষত কোনো বাহন বিচাৰি নোপোৱাত মৃত পত্নীক কান্ধত লৈয়ে খোজ কাঢ়িবলৈ ধৰে ছামুলুৱে। এনেকৈ কেইবা কিলোমিটাৰ খোজ যোৱাত বিষয়টো স্থানীয় আৰক্ষীৰ দৃষ্টিগোচৰ হয়। পাছত এম্বুলেন্সৰ ব্যৱস্থা কৰি দিয়ে।

Leave A Reply

Your email address will not be published.