বক্স অফিচত ধুমুহা আনিছে ‘পাঠানে’। বিশ্বজুৰি ব্যৱসায়িক পৰিসংখ্যাত হাজাৰ হাজাৰ কোটিৰ দিশে দৌৰিছে ‘পাঠান’। ঠিক এইবাৰ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে দীপিকা পাডুকন আৰু শ্বাহৰুখ খানৰ ভিডিঅ’। যদিও এয়া দীপিকাৰ নতুন ব্ৰেণ্ড প্ৰমোচন। সকলো কথাৰ মাজতে ভাইৰেল হৈ পৰিল শ্বাহৰুখৰ নীলা ঘড়ীটো। ৰজাৰ হাতৰ মহৎ ঘড়ী দেখি জাল জগতখন গুঞ্জৰিত হৈ আছে। কোনটো কোম্পানীৰ, কিমান দাম জানিবলৈ বিভিন্ন জনৰ জল্পনা-কল্পনা।
জানিব পৰা মতে শ্বাহৰুখৰ এই ঘড়ীটো বিখ্যাত ছুইজাৰলেণ্ডৰ ব্ৰেণ্ড অ’ডেমাৰ্ছ পিগুৱেটৰ। সেইটোৱেই হ’ল ৰয়েল অক পাৰ্পেচুৱেল কেলেণ্ডাৰ ঘড়ী। তথ্য অনুসৰি এই ঘড়ীটোৰ মূল্য ৪.৯৮ কোটি টকা।