নিউজ ডেস্ক, ১০ ফেব্ৰুৱাৰীঃ অসম চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সিদ্ধান্তসমূহৰ বিষয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সংবাদ মেলৰ জৰিয়তে প্ৰকাশ কৰিছে।
কেবিনেটত বিদ্যুত গ্ৰাহকৰ বোজা লাঘৱৰ বাবেও লোৱা হৈছে বিশেষ সিদ্ধান্ত। গ্ৰাহকৰ বোজা লাঘৱ কৰাৰ বাবে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডক ১৫০ কোটি টকা শক্তি ক্ৰয়ত ৰাজ সাহায্য অনুমোদন জনোৱা হৈছে। ইয়াৰ ফলত এ পি ডি চি এলে শুল্ক আৱেদনত দাবী কৰা ৰাজহৰ ব্যৱধান লাঘৱ কৰিব পাৰিব আৰু ২০২২-২৩ বিত্তীয় বৰ্ষৰ খুচুৰা শুল্ক বৃদ্ধিৰ পৰা হাত সাৰিব পাৰিব।