নিউজ ডেস্ক, ১০ ফেব্ৰুৱাৰীঃ চিৰাং জিলাৰ বল্লমগুৰি পথৰ দাদ্ৰিপাৰাত SSBৰ অভিযানত ৫ কেজি গাঞ্জাসহ উত্তম দাস নামৰ এটা ব্যৱসায়ী কৰায়ত্ত। বৰপেটাৰ গোবিন্দ দাস নামৰ এটা গাঞ্জা ব্যৱসায়ীয়ে ধৃত উত্তম দাসক হস্তান্তৰ কৰাৰ পিছতেই SSBৰ জালত পৰে ব্যৱসায়ী উত্তম দাস।
কুমাৰশালিস্থিত এছএছবিৰ ১৫ নং বেটেলিয়নৰ এলফা কোম্পানীৰ পৰিদৰ্শক উমেশ কুমাৰৰ নেতৃত্বত এটা এছএছবিৰ দলে গোপন খবৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় গাঞ্জাসমূহ।
জব্দকৃত গাঞ্জা সমূহৰ পাঁচ কিলো ভূটীয়া গাঞ্জা আৰু তিনি কিলো স্থানীয় গাঞ্জা বুলি জানিব দিয়ে এছএছবিয়ে।বৰপেটাৰ গোবিন্দ দাস নামৰ এটা গাঞ্জা ব্যৱসায়ীয়ে ধৃত উত্তম দাসক হস্তান্তৰ কৰাৰ পিছতেই এছএছবিৰ জালত পৰে ধৃত ব্যৱসায়ী উত্তম দাস।
পাছত ঘটনাস্থলীত বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰণৱজ্যোতি কলিতাসহ বিজনীৰ আৰক্ষী উপস্থিত হৈ গাঞ্জাসমূহ জব্দ কৰাৰ লগতে ব্যৱসায়ী উত্তম দাসক গ্ৰেপ্তাৰ কৰি বিজনী থানালৈ লৈ আহে।