নিউজ ডেস্ক, ১০ ফেব্ৰুৱাৰীঃ প্ৰেমিক যুগলৰ বাবে ফ্ৰেব্ৰুৱাৰী মাহৰ এই সাতটা দিন খুবেই বিশেষ ৷ গোলাপৰ সৈতে এই সাতটা দিনৰ আৰম্ভণি হয় তথা ভেলেন্টাইন ডে’ত সমাপ্তি ঘটে ৷ আজি এই বিশেষ সাতটা দিনৰ চতুৰ্থটো দিন অৰ্থাৎ টেডি ডে’ ৷ প্ৰেমিক যুগলে নিজৰ প্ৰেম প্ৰকাশৰ বাবে এই দিনটো টেডি উপহাৰ হিচাপে আগবঢ়ায় ৷
প্ৰতি বছৰে যুৱক–যুৱতীসকলৰ মাজত খুবেই জনপ্ৰিয় এই দিনটো পালন কৰা হয়। আজিৰ দিনটোত প্ৰিয়জনক এটা সুন্দৰ মৰমলগা টেডী উপহাৰ দিলে সম্পৰ্ক আৰু মধুৰ হৈ পৰে বুলি কয়।