ভূমিকম্পৰ ৫ দিনৰ পাছত ২ নাবালকক ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ

শনিবাৰে ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰা হয় আৰু দুই নাবালকক। ভাৰতৰ এন ডি আৰ এফে তুৰস্কৰ সন্ত্ৰাসবাদ বিৰোধী বাহিনীক সহায় কৰিছে। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি শনিবাৰে গাজিয়াটেপৰ ধ্বংসাৱশেষৰ পৰা এগৰাকী ৮ বছৰীয়া কিশোৰীক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয়। আনহাতে, হাটাইত উদ্ধাৰ কৰা হয় ১০ বছৰীয়া নাবালক আৰু তেওঁৰ মাতৃক। দুয়োজন গুৰুতৰভাৱে আহত।

সোমবাৰে হোৱা প্ৰচণ্ড ভূমিকম্পৰ পিছত তাত আৰু ৪টা কম্পন অনুভৱ কৰা হৈছে বুলি তুৰ্কী প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে। তুৰস্ক আৰু ছিৰিয়াত ২৪ হাজাৰৰো অধিক নাগৰিকে প্ৰাণ হেৰুৱাইছে। খবৰ পোৱা গৈছে যে মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে।

bollywoodDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment