Daily Time Axom

ড০ কুলধৰ শইকীয়াই উন্মোচন কৰিলে ই-আলোচনী “জ্ঞানম”

34

পঙ্কজ নাথ, চাংসাৰি, ১১ ফেব্ৰুৱাৰীঃ সমগ্ৰ শিক্ষা কামৰূপৰ উদ্যোগত আৰু শৈক্ষিক গোট “জ্ঞানম” কামৰূপৰ সহযোগত শুক্ৰবাৰে সংহত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়াই উন্মোচন কৰিলে ই-আলোচনী “জ্ঞানম”ৰ ৩য় বছৰৰ ২য় সংখ্যা আৰু “অভিধানৰ চৰ্চা আৰু ইয়াৰ প্ৰয়োগ” সম্পৰ্কীয় এক কৰ্মশালাৰ। এই অনুষ্ঠানত উপস্থিত থাকি শইকীয়াই কয় যে শিশুৰ অনুসন্ধিৎসু গুণক গুৰুত্ব দিলে হে শিশুৰ মানসিক আৰু বৌদ্ধিক বিকাশ সাধন হ’ব।

শিক্ষক-শিক্ষয়িত্ৰী সকলক ছাত্ৰ-ছাত্ৰী সকলক প্ৰশ্ন সোধাত মনোনিৱেশ কৰিবলৈ তেওঁ পৰামৰ্শ আগবঢ়ায়। তেওঁ ক’ভিড কালীন সময়ত কামৰূপ জিলা শিক্ষা বিভাগ আৰু কিছু সংখ্যক সৃষ্টিশীল মনৰ নিষ্ঠাৱান শিক্ষকৰ দ্বাৰা ই-আলোচনী ‘জ্ঞানম’ৰ প্ৰকাশ আৰু পৰৱৰ্তী সময়ত ‘জ্ঞানম’ শৈক্ষিক গোটে লোৱা বিভিন্ন শৈক্ষিক কাৰ্যক্ৰমৰ ভূয়ষী প্ৰশংসা কৰে। উক্ত কৰ্মশালাত আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থাৰ ভাষা আৰু ভাষা বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড০ ভাস্কৰ শৰ্মাই কৰ্মশালাখনৰ বিষয় বস্তুৰ ওপৰত আলোকপাত কৰি অভিধান চৰ্চাৰ ওপৰত বক্তব্য আগবঢ়ায়। তেওঁ ব্যাকৰণৰ লগত অভিধান জড়িত থকাৰ কথাটো বহু উদাহৰণেৰে প্ৰতিপন্ন কৰে।

ভাষাক প্ৰযুক্তিৰ দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিভিন্ন বিষয়ৰ অভিধান থকাটো যে জৰুৰী বুলি তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে। উক্ত অনুষ্ঠানতে “জ্ঞানম”ৰ আৰু “অভিধানৰ চৰ্চা আৰু ইয়াৰ প্ৰয়োগ”ৰ ওপৰত উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ তাৰিণী কান্ত হালৈয়েও বক্তব্য প্ৰদান কৰে। শৈক্ষিক গোট “জ্ঞানম”ৰ সম্পাদক গিৰিণ দাসে উদ্দেশ্য ব্যখ্যা কৰা উক্ত অনুষ্ঠানত কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই আদৰণি ভাষণত ‘জ্ঞানম’ গোটে লোৱা বিভিন্ন পদক্ষেপ সম্পৰ্কে বিস্তৃত বাখ্যা কৰে। উক্ত কৰ্মশালা অনুষ্ঠানত কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত কমল বৰুৱা , কামৰূপ জিলা সাংবাদিক সন্থাৰ সভাপতিকে ধৰি শিক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু কামৰূপ জিলাৰ বিভিন্ন বিদ্যালয়ৰ প্ৰায় ২০০ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে বুলি জানিব পৰা গৈছে ।

Comments are closed, but trackbacks and pingbacks are open.