Daily Time Axom

প্ৰাক্তন ছাত্ৰ সন্থাৰ উদ্যোগত বেজেৰা ৰাজহুৱা প্ৰেক্ষাগৃহত তৃতীয় বাৰ্ষিক স্মাৰক বক্তৃতা অনুষ্ঠান

0 30

বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্থাৰ উদ্যোগত বেজেৰা ৰাজহুৱা প্ৰেক্ষাগৃহত প্ৰয়াত শিক্ষাগুৰু সকলৰ প্ৰবিত্ৰ স্মৃতিত তৃতীয় বাৰ্ষিক স্মাৰক বক্তৃতা অনুষ্ঠান আজি অনুষ্ঠিত হৈ যায়।প্ৰয়াত শিক্ষাগুৰু সকলৰ প্ৰবিত্ৰ স্মৃতিত তৃতীয় বাৰ্ষিক স্মাৰক বক্তৃতা অনুষ্ঠানত মুখ্য বক্তা হিচাবে উপস্থিত থাকে প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু। ভাষা, পৰিচয় আৰু ভাৰতৰ ধাৰণা শীৰ্ষক বিষয়ৰ ওপৰত তত্বগধুৰ বক্তব্য প্ৰদান কৰে প্ৰশান্ত ৰাজগুৰুৱে । আজিৰ এই অনুষ্ঠানত পাঁচ গৰাকী প্ৰয়াত প্ৰাক্তন শিক্ষক ক্ৰমে প্ৰাক্তন অধ্যক্ষ মনিৰুদ্দিন আহমেদ, ভৰত বৰুৱা, প্ৰাক্তন শিক্ষক কৈলাশ কলিতা, ললিত মেধি, কামদেৱ গোস্বামীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পন কৰা হয় ৷ লগতে মৰণোত্তৰ ভাৱে তেওঁলোকক সম্বৰ্ধনা জ্ঞাপন আৰু স্মাৰক প্ৰদান কৰা হয় । তেওঁলোকৰ হৈ পৰিয়ালৰ সদস্যসকলে সম্বৰ্ধনা আৰু স্মাৰক গ্ৰহণ কৰে ৷

Leave A Reply

Your email address will not be published.