Daily Time Axom

ছত্তীশগড়ত পুনৰ বিজেপি নেতাক গুলীয়াই হত্যা মাউবাদীৰ

29

নিউজ ডেস্ক, ১১ ফেব্ৰুৱাৰীঃ পুনৰ ছত্তীশগড়ত মাউবাদীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে বিজেপি নেতাই। শুকুৰবাৰে দুটা মাউবাদীয়ে ছত্তীশগড়ৰ নাৰায়নপুৰ জিলাৰ এগৰাকী বিজেপি নেতাক ঘৰলৈ গৈ দুটা গুলীৰে ধৰাশায়ী কৰে বুলি জানিব পৰা গৈছে।

নেতাগৰাকী ছত্তীশগড়ৰ নাৰায়ণপুৰ জিলাৰ সাগৰ চাহু বুলি জানিব পৰা গৈছে। মাউবাদীৰ গুলীত গুৰুতৰভাৱে আহত নেতাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে তেঁওৰ মৃত্যু হয়।

Comments are closed, but trackbacks and pingbacks are open.