Daily Time Axom

কানাডাৰ আকাশতো ৰহস্যময় বস্তু!

0 31

কানাডাৰ আকাশতো এটা ৰহস্যজনক বস্তু ধৰা পৰাৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে। দেওবাৰে জাষ্টিন ট্ৰুডোৱে কয় যে কানাডাৰ উত্তৰ-পশ্চিম ইউকন টেৰিটৰীৰ আকাশমাৰ্গত এটা ৰহস্যজনক বস্তু ধৰা পৰাৰ পিছত যুদ্ধবিমানে গুলীয়াই নিক্ষেপ কৰে। বৰ্তমান বস্তুটোৰ বিষয়ে বিশ্লেষণ চলি আছে।

তেওঁ কয় যে ৰহস্যজনক বস্তুটো চিনাক্ত কৰাৰ পিছত আমেৰিকা আৰু কানাডাই যুদ্ধবিমান প্ৰেৰণ কৰি ইয়াক গুলীয়াই নিক্ষেপ কৰে। অৱশেষত আমেৰিকাৰ এফ-২২ যুদ্ধ বিমানে বস্তুটো গুলীয়াই পেলায়। এই সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে কথা পাতিছিল ট্ৰুডোৱে। তদুপৰি, আকাশত উৰি থকা ৰহস্যজনক বস্তুটো প্ৰথম ধৰা পেলোৱাৰ বাবে আমেৰিকা আৰু কানাডাৰ আকাশ নিৰীক্ষণৰ দায়িত্বত থকা সংস্থা নৰ্থ আমেৰিকান এৰ’স্পেচ ডিফেন্স কমাণ্ডক ধন্যবাদ জনায়।

যোৱা শুকুৰবাৰে আমেৰিকাৰ উত্তৰ-পশ্চিম অংশৰ আলাস্কাৰ আকাশমাৰ্গত এটা ৰহস্যজনক বস্তু উৰি থকা দেখা গৈছিল। সেই বস্তুটো আকাশত ওখকৈ উৰি আছিল। ৰহস্যজনক বস্তুটো ধৰা পৰাৰ পিছত ইয়াক গুলীয়াই পেলাবলৈ আমেৰিকাৰ যুদ্ধ বিমান প্ৰেৰণ কৰা হৈছিল বুলি হোৱাইট হাউছে প্ৰকাশ কৰিছে।

ইয়াৰ পূৰ্বে শেহতীয়াকৈ আমেৰিকাৰ আকাশমাৰ্গত চীনৰ চোৰাংচোৱা বেলুন ধৰা পৰাৰ পিছত আমেৰিকাই যুদ্ধবিমান প্ৰেৰণ কৰিছিল। ৱাশ্বিংটন আৰু বেইজিঙৰ মাজত তীব্ৰ উত্তেজনাৰ মাজতে আমেৰিকাৰ আকাশমাৰ্গত এটা ৰহস্যজনক বস্তু ধৰা পৰাৰ পিছদিনা কানাডাৰ আকাশমাৰ্গত এটা ৰহস্যজনক বস্তু ধৰা পৰে।

Leave A Reply

Your email address will not be published.