Daily Time Axom

‘কান্তাৰা’ চাইহে কৰ্ণাটকৰ সংস্কৃতি জানিছো ! প্ৰশংসাত অমিত শ্বাহ

0 35

একবিংশ শতিকাৰ ছবিবোৰে ৰাজনৈতিক ব্যক্তিক চিনেমাপ্ৰেমী কৰি তুলিছে ? অমিত শ্বাহৰ এটা মন্তব্যই প্ৰশ্নৰ উত্থাপন কৰিছে।

শেহতীয়াকৈ অমিতে কানাড়া ছবি ‘কান্তাৰা’ চাইছিল। ইয়াৰ পিছত তেওঁৰ প্ৰশংসা হয়। পৰিচালক ঋষভ শেট্টীক সম্বোধন কৰি তেওঁ কয়, ‘চিনেমাখন চোৱাৰ পিছতেই কৰ্ণাটক সংস্কিৰ বিষয়ে জানিব পাৰিলোঁ।’ কিছুদিন পূৰ্বে সংসদ ভৱনত কাশ্মীৰৰ ‘পাঠান’ৰ জনপ্ৰিয়তাৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে নিজেই মুখ মেলিছে। ৩০ বছৰতকৈও অধিক সময়ৰ পাছত কাশ্মীৰৰ এখন থিয়েটাৰত ‘হাউছফুল’ বৰ্ডখন ওলোমাই ৰাখিছিল ছবিখনে। নৰেন্দ্ৰ মোডী সেয়ে ছবিখনৰ বাবে প্ৰশংসা কৰিছিল।

লগতে অমিতে কয় যে বহু প্ৰতিকূলতাৰ মাজতো ৰাজ্যৰ জনসাধাৰণে কৃষিৰ জৰিয়তে দেশখনক সমৃদ্ধিশালী কৰি থকা ছবিখন তেওঁ চাবলৈ পালে। এই মানসিকতা দেশৰ অতি কম সংখ্যক ৰাজ্যতে দেখা যায়।

‘কান্তাৰা’ এখন সম্পূৰ্ণ একশ্বন-থ্ৰিলাৰ। ঋষভে ছবিখনত পৰিচালনাৰ উপৰিও অভিনয় কৰিছে। দেওবাৰে উৰ্বশী ৰাউটেলাই তেওঁক লগ পোৱা বুলি চৰ্চা চলিছিল। ইতিমধ্যে শ্বেট্টীয়ে ছবিখনৰ ছিকুৱেলৰ কথা ঘোষণা কৰিছে। উৰ্বশীক হয়তো ইয়াত অভিনয় কৰা দেখা যাব। বিজয় কিৰগান্দুৰৰ হোম্বলে ফিল্মছ বেনাৰৰ দ্বাৰা প্ৰযোজক এই ছবিখন। যোৱা বছৰৰ অন্যতম হিট গীত ‘কান্তাৰা’।

Leave A Reply

Your email address will not be published.