Daily Time Axom

বঙাইগাঁও জিলাৰ সৰভোগ বিদ্যুৎ উপ সংমণ্ডলৰ অন্তৰ্গত শৌলমাৰীত তীব্ৰ উত্তেজনা

0 39

বিদ্যুতৰ বিল দিবলৈ অহা ব্যক্তিক আটক কৰে ৰাইজে ।

পৰীক্ষাৰ সময়ত কোনো ধৰণৰ জাননী নিদিয়াকৈ বিদ্যুতৰ তাঁৰ কাটি দিয়াক লৈ উত্তেজনা । ছবুৰ উদ্দিন নামৰ এগৰাকী যুৱকে বিদ্যুৎ বিভাগৰ কৰ্মচাৰী বুলি পৰিচয় দি শৌলমাৰীৰ ট্ৰান্সফৰ্মাৰৰ গ্ৰাহকক নাম্বাৰপাৰা লৈ স্থানান্তৰিত কৰে। পৰীক্ষাৰ প্ৰাকমুহূৰ্তত বিদ্যুত কৰ্তন কৰাক লৈ ক্ষোভিত হৈ পৰে ৰাইজ। ইফালে শৌলমাৰীৰ ট্ৰান্সফৰ্মাৰত ধনৰ বিনিময়ত ধানৰ মিলৰ তাঁৰ অবৈধ ভাৱে সংযোগ দিয়ে। অৱশেষত আটকাধীন যুৱক জনে বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰাত আৰু দুজন বিদ্যুৎ বিভাগৰ ব্যক্তি ঘটনাস্থলীত উপস্থিত হয়। সংবাদ মাধ্যমৰ আগত তেওঁলোকে মন্তব্য কৰে যে ছবুৰ উদ্দিন বিদ্যুৎ বিভাগৰ লগত কোনো প্ৰকাৰে জড়িত নহয়। মন কৰিবলগীয়া কথা হ’ল যে বিদ্যুত বিভাগক জ্ঞাত নকৰাকৈ কেনেকৈ এগৰাকী যুৱকে ধান মিলত বিদ্যুত যোগান ধৰি সমগ্ৰ ৰাইজক অন্ধকাৰত ৰাখিবলৈ সাহস পালে? ইয়াৰ লগত বিদ্যুৎ বিভাগৰ বিষয়া কৰ্মচাৰী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে। অঞ্চলটোৰ দায়িত্বত থকা শৰিফুল ইছলাম নামৰ কৰ্মচাৰী জনে মোটা অংকৰ ধনৰ বিনিময়ত ছবুৰ উদ্দিনৰ হতুৱাই এনে কাম কৰিছে বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। অৱশেষত বিভাগীয় কৰ্মচাৰী কদম আলী উপস্থিত হৈ বিভাগীয় SDOৰ লগত যোগাযোগ কৰে আৰু SDOই নতুন কৈ লগোৱা মিলৰ তাঁৰ খুলি পুনৰ আগৰ তাঁৰ লগাই ৰাইজক বিদ্যুৎ যোগান ধৰিবলৈ নিৰ্দেশ দিয়ে। এতিয়া কথা হ’ল যে যদি ধানৰ মিলটোৰ বাবে বিদ্যুতৰ অনুমতি কাৰ্যালয়ৰ পৰা দিছে তেন্তে এতিয়া কিয় খুলিবলৈ নিৰ্দেশ দিলে? শৰিফুল ঘটনাস্থলীত ৰাইজে মাতে যদিওঁ তেওঁ নাহে। ইয়াৰ পৰাই সন্দেহ যে ধানৰ মিলৰ মালিকৰ লগত গোপন বুজা বুজি কৰি শৰিফুল এই কাম ছবুৰ উদ্দিন দ্বাৰাই কৰিছে। এতিয়া বিভাগীয় ভাৱে ছবুৰ উদ্দিন বিৰুদ্ধে কি ব্যৱস্থা লয় সেয়া সময়ত লক্ষণীয় হ’ব ।

Leave A Reply

Your email address will not be published.