১৩খন ৰাজ্যত সলনি হ’ল ৰাজ্যপাল
মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশ্যাৰীৰ পদত্যাগ স্বীকাৰ কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। এতিয়া ঝাৰখণ্ডৰ ৰাজ্যপাল ৰমেশ বাইছক মহাৰাষ্ট্ৰৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। এইবোৰৰ বাহিৰেও ১২খন ৰাজ্যত ৰাজ্যপাল আৰু লেফটেনেণ্ট গৱৰ্ণৰ সলনি কৰা হৈছে। ভগত সিং কোশ্যাৰীয়ে যোৱা বছৰৰ নৱেম্বৰ মাহত অমিত শ্বাহলৈ এখন পত্ৰ লিখি পদৰ পৰা পদত্যাগ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল।
এই ৰাজ্যসমূহতো গৱৰ্ণৰ আৰু লেফটেনেণ্ট গৱৰ্ণৰ সলনি কৰা হৈছে।
লেফটেনেণ্ট জেনেৰেল কৈভাল্য ত্ৰিবিক্ৰম পাৰনাইক (অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল)
লক্ষ্মণ প্ৰসাদ আচাৰ্য (ৰাজ্যপাল ছিকিম)
চি পি ৰাধাকৃষ্ণন (ৰাজ্যপাল ঝাৰখণ্ড)
গুলাব চান্দ কটাৰিয়া (অসমৰ ৰাজ্যপাল)
শিৱ প্ৰতাপ শুক্লা (ৰাজ্যপাল, হিমাচল প্ৰদেশ)
অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ ড° বি ডি মিশ্ৰ (লেফটেনেণ্ট গৱৰ্ণৰ লাডাখ)
ন্যায়াধীশ এছ আব্দুল নাজিৰ (ৰাজ্যপাল অন্ধ্ৰপ্ৰদেশ)
এল এ গণেশন (নাগালেণ্ডৰ ৰাজ্যপাল)
ফাগু চৌহান (ৰাজ্যপাল মেঘালয়)
ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰ (ৰাজ্যপাল বিহাৰ)
বিশ্ব ভূষণ হৰিচন্দন (চত্তীশগড়ৰ ৰাজ্যপাল)
অনুছুইয়া উইকে (ৰাজ্যপাল মণিপুৰ)