ভেলেণ্টাইন ডে’ৰ দিনাই বিবাহপাশত আৱদ্ধ হ’ব জনপ্ৰিয় ভাৰতীয় ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়া

নিউজ ডেস্ক, ১৩ ফেব্ৰুৱাৰীঃ ভেলেণ্টাইন ডে’ত ৰাজস্থানৰ উদয়পুৰত হাৰ্দিক-নাটাছাৰ বিবাহ অনুষ্ঠান অনুষ্ঠিত হ’ব। ১৩ ফেব্ৰুৱাৰীত মেহেন্দি, সংগীত আৰু ৰঙীন অনুষ্ঠান অনুষ্ঠিত হোৱাৰ কথা।

ছাৰ্বিয়ান মডেল তথা অভিনেত্ৰী নাটাছা ষ্টেনকভিচৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল হাৰ্ডিক পাণ্ডিয়া। ২০২০ চনত বিবাহপাশত আবদ্ধ হৈছিল নাটাছা-হাৰ্ডিক। তাৰপাছত এটি পুত্ৰৰ পিতৃ-মাতৃ হয় দুয়ো।

ইতিমধ্যে নাটাছাই বিয়াৰ বাবে পোছাক বাছি লৈছে। বিশেষ দিনটোত পিন্ধিব বগা গাউন। এই মুহূৰ্তত উদয়পুৰত এই ৰাজকীয় বিয়াৰ শেষ মুহূৰ্তৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে।

Assamese NewsDaily time axomHardik PandyaIndiaNataša StankovicUdaipurValentine’s DayWedding