Daily Time Axom

জনপ্ৰিয় ৰিয়েলিটী শ্ব’ ‘বিগ বছ ১৬’ৰ চূড়ান্ত বিজয়ী হ’ল এমচি ষ্টেন

29

নিউজ ডেস্ক, ১৩ ফেব্ৰুৱাৰীঃ জনপ্ৰিয় ৰিয়েলিটী শ্ব’ ‘বিগ বছ ১৬’ৰ ফাইনেল অনুষ্ঠিত হৈ যায়। ‘বিগ বছ ১৬’ৰ খিতাপ আঁজুৰিলে এমচি ষ্টেনে। চূড়ান্ত বিজয়ী এমচি ষ্টেনে উপহাৰ হিচাপে লাভ কৰিলে ৩১ লাখ টকাৰ লগতে বিলাসী বাহন।

এইবাৰ ‘বিগ বছ ১৬’ৰ টপ ৫ত আছিল শালীন ভানোট, অৰ্চনা গৌতম, এমচি ষ্টেন, শিৱ ঠাকৰে আৰু প্ৰিয়ংকা চাহৰ চৌধুৰী। ছ’চিয়েল মিডিয়াত অনুৰাগীসকলে অনুমান কৰিছিল যে এইবাৰ বিগ বছৰ চূড়ান্ত বিজয়ী হ’ব শিৱ ঠাকৰে। কিন্তু শিৱক পিছ পেলাই এমচি ষ্টেনে লাভ কৰিলে চূড়ান্ত বিজয়ীৰ খিতাপ। আনহাতে শিৱ থাকৰে থাকিল ৰানাৰ–আপ হিচাপে।

Comments are closed, but trackbacks and pingbacks are open.