নিউজ ডেস্ক, ১৩ ফেব্ৰুৱাৰীঃ স্বাস্থ্য বিভাগৰ প্ৰশ্নকাকত ফাদিল কৰি গ্ৰেপ্তাৰ নাছিমা বেগম। পৰীক্ষা কেন্দ্ৰত মবাইল লৈ প্ৰৱেশ কৰিছিল নাছিমা। নাছিমাৰ মবাইলৰ পৰা ফাদিল হৈছিল স্বাস্থ্য বিভাগৰ ৩য় বৰ্গৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত। পৰীক্ষা গৃহৰ পৰাই প্ৰশ্নকাকত ফাদিল কৰিছিল নাছিমা বেগমে।
নাছিমা বেগমৰ ঘৰ মৈৰাবাৰীৰ গুণাইবড়ী গাঁৱত বুলি জানিব পৰা গৈছে। লখিমপুৰত স্বাস্থ্য বৰ্গৰ পৰীক্ষা দিছিল নাছিমা বেগমে। প্ৰশ্নকাকত হোৱাৰ পিছতে লখিমপুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।
Comments are closed, but trackbacks and pingbacks are open.