মহানগৰীৰ বামুণীমৈদামত ইউটিউবাৰৰ ৰহস্যজনক মৃত্যু

নিউজ ডেস্ক, ১৩ ফেব্ৰুৱাৰীঃ মহানগৰীৰ ভাড়াঘৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ প্ৰিয়লিনা নাথ নামৰ ইউটিউবাৰ গৰাকীৰ মৃতদেহ। মহানগৰীৰ বামুণীমৈদামত সংঘটিত হৈছে এই ঘটনা। ‘চাংকি ব্লগাৰ’ নামৰ এটা ইউটিউব চেনেল চলাইছিল প্ৰিয়লিনাই। যুৱতীগৰাকীৰ দেহত দেখা গৈছে কেইবাটাও আঘাতৰ চিন।

জামুগুৰিহাটৰ পংকজ নাথৰ সৈতে হৈছিল আইনী বিবাহ। পংকজ নাথৰ ভাড়াঘৰতে উদ্ধাৰ হয় প্ৰিয়লিনাৰ মৃতদেহ।

পিতৃ–মাতৃক খবৰ নিদিয়াকৈ যুৱতীগৰাকীৰ মৃতদেহ শেষকৃত্য কৰাৰ চেষ্টা কৰা হৈছিল। পংকজৰ বিৰুদ্ধে হত্যাৰ অভিযোগ তুলিছে প্ৰিয়লিনাৰ পৰিয়ালে। ইতিমধ্যে চানমাৰি আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত পংকজ নাথক। মৰণোত্তৰ পৰীক্ষাৰ অন্তত শেষকৃত্য সম্পন্ন কৰা হয় যুৱতীগৰাকীৰ।

AssamAssamese NewsDaily time axomDeadbodyGuwahatiIndiaRecover