Daily Time Axom

আজি পুনৰ বিবাহপাশত আৱদ্ধ হ’ব জনপ্ৰিয় ভাৰতীয় ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়া

46

নিউজ ডেস্ক, ১৪ ফেব্ৰুৱাৰীঃ ভেলেণ্টাইন ডে’ত অৰ্থাৎ আজি ৰাজস্থানৰ উদয়পুৰত হাৰ্দিক-নাটাছাৰ বিবাহ অনুষ্ঠান অনুষ্ঠিত হ’ব।

উদয়পুৰৰ হোৱাইট ওৱেডিং থিমেৰে বিবাহ সম্পন্ন হ’ব। সোমবাৰেই উদয়পুৰলৈ ৰাওনা হৈছিল প্ৰেমিকযুগল। ৰয়েল বিয়াখনত উপস্থিত থাকিব বিৰাট-অনুষ্কা, ৰাহুল-আথিয়াৰ লগতে বহুতো ক্ৰিকেট তাৰকা।

ছাৰ্বিয়ান মডেল তথা অভিনেত্ৰী নাটাছা ষ্টেনকভিচৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল হাৰ্ডিক পাণ্ডিয়া। ২০২০ চনত বিবাহপাশত আবদ্ধ হৈছিল নাটাছা-হাৰ্ডিক। তাৰপাছত এটি পুত্ৰৰ পিতৃ-মাতৃ হয় দুয়ো।

Comments are closed, but trackbacks and pingbacks are open.