নিউজ ডেস্ক, ১৪ ফেব্ৰুৱাৰীঃ অসমৰ ক্ৰীড়া ক্ষেত্ৰলৈ আন এক আশাৰ খবৰ। মহিলা প্ৰিমিয়াৰ লীগৰ বাবে নিলামত জিণ্টিমণি কলিতাক ক্ৰয়। ১০ লাখ টকাত মুম্বাই ইণ্ডিয়ানছে ক্ৰয় কৰিলে মঙলদৈৰ জিণ্টিমণিক। অসমৰ পৰা মহিলা IPL খেলিবলৈ পোৱা প্ৰথমগৰাকী অসমীয়া জিণ্টিমণি।
উল্লেখ্য যে, এগৰাকী ভাল বলাৰৰূপে পৰিচিত জিণ্টিমণি কলিতাই মঙলদৈ ষ্টেডিয়ামত ক্ৰিকেট অনুশীলনৰ অভ্যাস আৰম্ভ কৰিছিল। ক্ৰমান্বয়ে ভাল খেল প্ৰদর্শন কৰিবলৈ সক্ষম হৈছিল জিণ্টিমণিয়ে, যাৰ কাৰণে পৰৱৰ্তী সময়ত অসম দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। পৰৱৰ্তী সময়ত মহিলা ভাৰতীয় B টীমত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।