Daily Time Axom

কোকৰাঝাৰৰ ভৱানীপুৰ এন আৰ এল পেট্ৰ’ল পাম্পত ডকাইতি কাণ্ড, পিষ্টল দেখুৱাই ২ লাখ টকা লুট

45

নিউজ ডেস্ক, ১৪ ফেব্ৰুৱাৰীঃ কোকৰাঝাৰৰ ভৱানীপুৰ এন আৰ এল পেট্ৰ’ল পাম্পত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড।

সোমবাৰে নিশা সংঘটিত হোৱা এই ডকাইতি কাণ্ডৰ পিছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ডকাইতিৰ দলটোত আছিল মুঠ ৫ জন সদস্য। ৫জনীয়া ডকাইতৰ দলটো আহিছিল দুখন মটৰ চাইকেলত।

তেওঁলোকে পেট্ৰ’ল পাম্পটোৰ কেচিয়াৰক পিষ্টল দেখুৱাই ২ লাখ টকা লুট কৰে। এই ঘটনাৰ পিছতেই CCTV ফুটেজ নিৰীক্ষণ কৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Comments are closed, but trackbacks and pingbacks are open.